ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। নিশা জুৰীয়াৰ কদমণি পথাৰ গাঁৱত গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী।
জানিব পৰা মতে, নিশাই আৰক্ষীয়ে প্ৰায় ৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ময়দুল ইছলাম নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক। আৰক্ষীয়ে নিশাই অভিযুক্তজনক লগত লৈ জুৰীয়াৰ কদমণি গাৱত তালাচীৰ বাবে যোৱাৰ সময়তে দাৰে আৰক্ষীক আক্ৰমণ চলাই পলায়নৰ চেষ্টা চলায় ড্ৰাগছ ব্যৱসায়ীজনে।
ইফালে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাত ময়দুল ইছলাম গুৰুতৰভাবে আহত হয়। সংকটজনক অৱস্থাত ময়দুল ইছলামক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য শুকুৰবাৰে কলিয়াবৰ থানা অন্তৰ্গত চতিয়ালৰ ৰাজপথত আৰক্ষীয়ে প্ৰায় ৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ ময়দুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। লাহৰিজানৰ পৰা এএছ ০১ এভি ৩০৪৮ নম্বৰৰ চেন্ট্ৰ’ গাড়ীখনেৰে নগাঁৱৰ জুৰিয়ালৈ ড্ৰাগছখিনি সৰবৰাহৰ সময়তে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয়।