পুনৰ এনকাউণ্টাৰ

90

ৰাজ্যত বিগত কেইবাদিন ধৰি সংঘটিত হৈছে অপৰাধমূলক ঘটনা। শুকুৰবাৰে সান্ধ্য ভ্ৰমণলৈ যোৱা অসমীয়া যুৱতীক নিৰ্যাতন চলাইছিল দুই পাষণ্ডই। তেজপুৰৰ অম্বিকাগিৰি নগৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাৰ সময়ত চাইকেলেৰে আহি আছিল দুই অভিযুক্ত। দুয়োজন অভিযুক্ত পেছাত শ্ৰমিক। দুয়োৰে ঘৰ তেজপুৰৰ যোৰগড়ত। সান্ধ্য ভ্ৰমণৰ সময়তে পিছফালৰ পৰা যুৱতীক আক্ৰমণ কৰিছিল মিৰাজে৷ঘটনাৰ পিছতে আটক কৰা হৈছিল এটা অভিযুক্তক।ইয়াৰ পাছতে নিশা মিৰাজক লৈ অভিযান চলাইছিল আৰক্ষীয়ে। সেই সময়তে পলায়নৰ চেষ্টা কৰিছিল। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল মিৰাজ আলীয়ে। যাৰ ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। সোঁ ভৰিত গুলী লগা মিৰাজক TMCHত ভৰ্তি কৰোৱা হৈছে। ইফালে আৰক্ষীৰ অভিযানত কৰায়ত্ত হৈছে আনটো লম্পট শ্বাহৰুখ হুছেইন।