যোৱা দেওবাৰে ১২ বজাত ৰাহুল গান্ধীয়ে মণিপুৰত শান্তিৰ বাৰ্তা লৈ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰম্ভ কৰে। কিন্তু এই যাত্ৰাই মণিপুৰ পাৰ কৰাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰে ৰাজ্যখন। মণিপুৰৰ ম’ৰ এলেকাত বুধবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন বা আই আৰ বিৰ এজন কমাণ্ডো। আহত হয় আন এজন জোৱান।
দেওবাৰে পুৱা প্ৰায় ৪ বজাত আই আৰ বিৰ জোৱানক আক্ৰমণ কৰা হয়। সেই সময়ত তেওঁলোক এমা কণ্ডং লাইৰেম্বি দেৱী মন্দিৰৰ ওচৰৰ এটা অস্থায়ী শিবিৰত শুই আছিল। উগ্ৰপন্থীয়ে স্থানীয় চিকিম গাঁৱৰ পাহাৰত ঘাটি স্থাপন কৰি আক্ৰমণ চলাইছিল। অস্থায়ী শিবিৰত উগ্ৰপন্থীয়ে সংঘটিত কৰা এই গ্ৰেণেড আক্ৰমণত এজন আৰ আৰ বি কমাণ্ডোৰ মৃত্যু হয়। আন এজন লোক আহত হয়।
উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত হোৱা ঠাইৰ পৰা ২০ মিটাৰ দূৰত আছে আছাম ৰাইফলছৰ এটা শিবিৰ। আক্ৰমণৰ পিছত জোৱানসকলে বুলেটপ্ৰুফ বাহনেৰে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা ৪:৩০ বজাৰ পিছত পুনৰ অস্থায়ী শিবিৰটোত আক্ৰমণ কৰা হয়। এইবাৰ গাঁওখনৰ এছ বি আই বেংক ভৱনত আক্ৰমণ সংঘটিত হয়। একেৰাহে আক্ৰমণৰ অন্তত আই আৰ বি আৰু আছাম ৰাইফলছে ঘেৰাও কৰে অঞ্চলটো। উগ্ৰপন্থীৰ সন্ধানত চলি আছে অভিযান।