নগাঁৱৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত দেউৰা বিলৰ ৬৩ বিঘা ২ কঠা, ৪ লেচা ভূমি দীৰ্ঘদিন ধৰি বেদখলকাৰীৰ কৱলত আছিল। থলুৱা মৎস্য তথা পক্ষীৰ আৱাসস্থলী এই দেউৰা বিলত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অৱাধে বেদখল চলাই, পুখুৰী খান্দি, আলি দি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। এইদৰে বেদখল কৰি পৰিবেশ তথা ঐতিহাসিক বিলখন ধ্বংস কৰা পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে নগাঁৱৰ ধিং ৰাজহ চক্ৰ বিষয়াক বহুবাৰ অভিযোগ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ কৰে। ধিং ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতত বটদ্ৰৱা আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান আৰম্ভ হয়।
Latest article
ভি বিজনেছে ইনফিনিটী লেবছৰ সৈতে অংশীদাৰিত্বৰে আগবঢ়াইছে থলুৱা এছডি-ৱান সমাধান
দেশৰ টেলিকম খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ভি-ৰ উদ্যোগ বিভাগ ভি বিজনেছে মেক-ইন-ইণ্ডিয়া ছফ্টৱেৰ-ডিফাইনড ৱাইড এৰিয়া নেটৱৰ্ক (এছডি-ৱান) সমাধান প্ৰদান কৰিবলৈ ইনফিনিটী লেবছ লিমিটেডৰ সৈতে এক...
দেশজুৰি গ্ৰাহকৰ অভিজ্ঞতাক ন ৰূপ দিবলৈ ভি বিজনেছৰ জেনেচিছৰ সৈতে অংশীদাৰিত্ব
ভোডাফোন-আইডিয়াৰ এণ্টাৰপ্ৰাইজ বিভাগ ভি বিজনেছে সমগ্ৰ ভাৰততে এক সেৱা (চিচিএএএছ) সমাধান হিচাপে নেক্সট জেনেৰেচন যোগাযোগ কেন্দ্ৰ মুকলি কৰিবলৈ ক্লাউড-আধাৰিত এআই অভিজ্ঞতা প্ৰদান কৰা(অৰ্কেষ্ট্ৰেচন) ক্ষেত্ৰখনৰ...
ট্ৰুকলাৰে ভাৰতত প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়াইছে ইউপিআই-আধাৰিত নাম পৰীক্ষণ
ট্ৰুকলাৰে ভাৰতত এণ্ড্ৰইড প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন ইউপিআই-আধাৰিত নেম ভেৰিফিকেচন(নামৰ প্ৰমাণীকৰণ)ৰ সুবিধা মুকলি কৰিছে। এই ভেৰিফাইড বেজে এতিয়া ব্যৱহাৰকাৰীসকলক চৰকাৰ-সমৰ্থিত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ...