পুনৰ আমেৰিকান আৰক্ষীৰ গুলীবৰ্ষণ কৃষ্ণাংগৰ ওপৰত, কেনোছাৰ ৰাজপথত উত্তাল প্ৰতিবাদ

70

ডিজিটেল ডেস্কঃ পুনৰ অগ্নিগৰ্ভ হৈ পৰিছে আমেৰিকা! উইছকনচিনৰ কেনোছা চহৰৰ ৰাজপথলৈ ওলাই আহিছে শ শ প্ৰতিবাদকাৰী। চৰকাৰী সম্পত্তি, বাহনত অগ্নি সংযোগ কৰা হৈছে। পৰিস্থিতি এনে হৈছে যে প্ৰতিবাদকাৰীক দমন কৰিবলৈ ৰাজপথত আৰক্ষী-প্ৰশাসনে কন্দুৱা গেছ, লাঠি চাৰ্জ কৰিছে। কেনোছাত জাৰি কৰা হৈছে সান্ধ্য আইন।

আমেৰিকাত সৃষ্টি হোৱা দেওবাৰৰ এই পৰিস্থিতিৰ কাৰণ হৈছে পুনৰ কৃষ্ণাংগ ব্যক্তিৰ ওপৰত আৰক্ষীৰ গুলীবৰ্ষণ। বিগত মে’ মাহত জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ যুৱকক আমেৰিকান আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত যুক্তৰাষ্ট্ৰখনত কৃষ্ণাংগ ব্যক্তিৰ ওপৰত গুলীবৰ্ষণৰ এয়া দ্বিতীয়টো ঘটনা।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত জেকব ব্লেক নামৰ এজন কৃষ্ণাংগ ব্যক্তিক ৩ সন্তানৰ সন্মুখতে কেনোছা আৰক্ষীয়ে পিছফালৰ পৰা গুলীবৰ্ষণ কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা জেকব সম্প্ৰতি চিকিৎসাধীন হৈ আছে আৰু অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে কেনোছাত কৃষ্ণাংগ ব্যক্তিৰ ওপৰত আৰক্ষীৰ এনে বৰ্বৰ আক্ৰমণৰ বিৰোধিতাৰে দেওবাৰে নিশা উত্তাল হৈ পৰে সমগ্ৰ চহৰ। ৰাজপথলৈ ওলাই আহি শ শ প্ৰতিবাদকাৰীয়ে আমেৰিকান আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ উপৰিও বাধা দিবলৈ অহা আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হয়।

কি কাৰণে কেনোছা আৰক্ষীয়ে জেকব ব্লেকৰ ওপৰত গুলীবৰ্ষণ কৰিলে, সেয়া এতিয়াও অস্পষ্ট। প্ৰত্যক্ষদৰ্শীৰ মতে, সেই স্থানৰ পৰা ৭ জাই গুলীৰ শব্দ শুনা গৈছিল। কিন্তু জেকবৰ দেহত কেইটা গুলী লাগিছে বা প্ৰকৃততে আৰক্ষীয়ে কিমান জাঁই গুলীচালনা কৰিছিল সেই বিষয়ে এতিয়াও কোনো মন্তব্য প্ৰকাশ কৰা নাই কেনোছা আৰক্ষীয়ে। জেকবৰ সৈতে মৰাণাস্ত্ৰ লাভ হৈছিল নেকি সেয়াও জানিব পৰা নাযায়।

ইফালে এই ঘটনাক নিন্দনীয় আখ্যা দিছে উইছকনচিনৰ ডেম’ক্ৰেটিক গভৰ্ণৰ টনি এভাৰছে। টুইটত গৰ্ভণৰ গৰাকীয়ে লিখিছে যে দেওবাৰে জেকব ব্লেকৰ ওপৰত যিধৰণে গুলীবৰ্ষণ কৰা হৈছিল, সেয়া অতিকৈ নিন্দনীয়। নিজৰ এছইউভি বাহনখনৰ দৰ্জা খুলি চালকৰ আসনত বহাৰ সময়ত, তিনি শিশু সন্তানৰ সনমুখতে ব্লেকৰ ওপৰত গুলীবৰ্ষণ কৰা হয়। ব্লেক বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে। তেওঁৰ অৱস্থা খুবেই সংকটজনক। উইছকনছিন অৱ জাষ্টিছ বিভাগে কেনোছাৰ এই ঘটনাৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছে।