বিশ্বৰ পৰা কোৰোনাই বিদায় নলওঁতেই পুনৰ এক নতুন ভাইৰাছে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছে কেইবাখনো দেশত। এই ভাইৰাছৰ কৱললৈ আহি এতিয়ালৈকে মৃত্যু হৈছে ১৫গৰাকীকৈ লোক। ভাইৰাছবিধৰ ভয়াৱহতাৰ উমান পায়ে ১৭খন দেশত ৰেড এৰ্লাট জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।ঘানাত, মাৰবৰ্গ ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে আৰু প্ৰাদুৰ্ভাৱ বিয়পোৱাৰ ভয়ত ৯৮ জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে। এই ভয়ানক সংক্ৰামক ৰোগৰ ফলত জ্বৰ, পেশীৰ বিষ, ডায়েৰিয়া, বমি আৰু কিছুমান ক্ষেত্ৰত অত্যাধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হ’ব পাৰে। এতিয়ালৈকে এই ৰোগত শ শ লোকৰ মৃত্যু হৈছে, যাৰ বেছিভাগেই আফ্ৰিকাত আছিল।ঘানাত, মাৰবৰ্গ ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে আৰু প্ৰাদুৰ্ভাৱ বিয়পোৱাৰ ভয়ত ৯৮ জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে। এই ভয়ানক সংক্ৰামক ৰোগৰ ফলত জ্বৰ, পেশীৰ বিষ, ডায়েৰিয়া, বমি আৰু কিছুমান ক্ষেত্ৰত অত্যাধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হ’ব পাৰে। এতিয়ালৈকে এই ৰোগত শ শ লোকৰ মৃত্যু হৈছে, যাৰ বেছিভাগেই আফ্ৰিকাত আছিল।বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে যে, এই ভাইৰাছবিধত আক্ৰান্ত হলে প্ৰথমে এগৰাকী লোকৰ তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ,বমিৰ দৰে সমস্যাই দেখা দিয়ে। তাৰ পাছতে চকুৰ পৰা তেজ ওলাবলৈ আৰম্ভ হয়। এই ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পাছতে এগৰাকী লোকৰ সকলো অৰ্গেন ফেইল হৈ পৰে আৰু তাৰ পিছতে মৃত্যু হয় লোকগৰাকীৰ। এই ভাইৰাছবিধ ১৯৬১চনতে জাৰ্মানীত ধৰা পৰিছিল বুলি সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
Latest article
ঐতিহ্য়মণ্ডিত হৰ্ণবিল সংগীত মহোৎসৱৰ সৈতে নিৰন্তৰ সহযোগিতা অব্যাহত ৰখাৰ ঘোষণা টিকেএমৰ
টয়োটা কিৰ্লোস্কাৰ মটৰ চমুকৈ টিকেএমে ক্ৰমাগত তৃতীয় বছৰৰ বাবে ভাৰতৰ অন্যতম পৰিচিত সাংস্কৃতিক উদযাপনৰ থলী হৰ্ণবিল সংগীত মহোৎসৱৰ টাইটেল স্পনছৰশ্বিপ ৰূপে সহযোগিতা অব্যাহত ৰখাৰ...
আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা
দেশবাসীৰ বাবে আহিল সুখবৰ।আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীলৈ আগবঢ়োৱা এক অভিলাষী আঁচনি হৈছে পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা।...
কলাগুৰু বিষ্ণু ৰাভাৰ কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে
কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে। ‘আধুনিক অসমৰ নিৰ্মাতা’ নামৰ কিতাপখনৰ সহায়ক পুথিত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে পাঠ্যপুথি...