পুনৰ আক্ৰমণৰ বলি সাংবাদিক

62

নাৰায়ণপুৰত সাংবাদিক আক্ৰমণৰ ঘটনা । প্ৰাগ নিউজৰ বিহপুৰীয়াৰ সাংবাদিক সুব্ৰত কাকতিক আক্ৰমণ কৰে দুৰ্বৃত্তই। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ চাৰিআলিত বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে মন বৰুৱা ওৰফে কাকু নামৰ দুৰ্বৃত্তটোৱে আক্ৰমন কৰে সাংবাদিকজনক।

এটা মাৰপিটৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰাৰ সময়তে সংঘটিত হয় আক্ৰমনৰ ঘটনা। ইতিমধ্যে সাংবাদিক গৰাকীয়ে নাৰায়নপুৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। সাংবাদিক জনৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

বিভিন্ন দল-সংগঠনৰ লগতে নাৰায়নপুৰ প্ৰেছ ক্লাৱ,বান্দৰদেৱা প্ৰেছ ক্লাৱ আৰু বিহপুৰীয়া প্ৰেছ ক্লাৱে সাংবাদিক আক্ৰমণৰ ঘটনাৰ তীব্ৰ গৰিহনা দিয়াৰ লগতে দুষিৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ।