পুনৰ অভিলেখ ভংগ!

8

পুনৰ অভিলেখ ভংগ!দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ। ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।ইয়াৰ মাজতে পুনৰ নতুন অভিলেখ গঢ়িলে গুৱাহাটীত সুৰাপায়ীয়ে। পূজাৰ ৪টা দিনত মহানগৰীৰ সুৰাপায়ীয়ে কিনিলে ৩০ কোটিৰো অধিক টকাৰ সুৰা।গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে সুৰাপায়ীয়ে।