অসম আৰক্ষীত ৰদবদল।
গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি।
প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি এডমিন) হিচাপে নিযুক্তি দিয়া হৈছে মহন্তক।
তেওঁক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।
অসম চৰকাৰৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।
ইয়াৰ পূৰ্বে মহন্তক দৰমহা আৰু ভাট্টা আহৰণৰ উদ্দেশ্যে উপ আৰক্ষী মহাপৰিদৰ্শক (সশস্ত্ৰ আৰক্ষী) হিচাপে নিযুক্তি দিয়া হৈছিল।
