পায়েল ঘোষৰ যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত ছবি নিৰ্মাতা অনুৰাগ কাশ্যপক আজি সোধ-পোছ আৰক্ষীৰ

79

ডিজিটেল ডেস্কঃ অভিনেত্ৰী পায়েল ঘোষে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছত বৃহস্পতিবাৰে মুম্বাইৰ বৰ্ছোৱা থানাত সোধাপোছা চলাই থকা হৈছে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপক। উল্লেখ্য যে, অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যোৱা ২২ ছেপ্তেম্বৰত বৰ্ছোৱা থানাত এজাহাৰ দাখিল কৰিছিল পায়েল ঘোষে। তাৰ পিছতে সোধপোছৰ বাবে থানালৈ মাতি পঠিওৱা হৈছিল অনুৰাগ কাশ্যপক। ইফালে বিলে পাৰ্লেৰ কাপুৰ হাস্পতাললৈ পায়েল ঘোষৰ মেডিকেল টেষ্টৰ বাবে নিয়া হৈছে। পায়েল ঘোষৰ টেষ্টৰ বাবে কালি সন্ধিয়াও নিয়া হৈছিল যদিও কালি টেষ্ট কৰা হোৱা নাছিল।

আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি, অনুৰাগ কাশ্যপক সোধপোছৰ বাবে এখন প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই তালিকাখনত অনুৰাগক সোধাৰ বাবে আছে ১৫টা প্ৰশ্ন।

উল্লেখ্য যে, ১৯ ছেপ্তেম্বৰত পায়েল ঘোষে অনুৰাগ কাশ্যপে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি টুইটাৰত লিখিছিল যে অনুৰাগ কাশ্যপে তেওঁক শাৰিৰীকভাৱে হাৰাশাস্তি দি আহিছে। আনহাতে অনুৰাগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে পায়েলে প্ৰধানমন্ত্ৰী মোডীকো টুইটযোগে আহ্বান জনাইছিল। ইফালে পায়েল ঘোষৰ এই অভিযোগ টুইটযোগে খাৰিজ কৰি অনুৰাগে কৈছিল- এয়া আৰম্ভণিহে। এতিয়াতো বহুত আক্ৰমণ হ’বলৈ বাকী আছে।