পাষাণ মাতৃয়ে পেলাই থৈ যোৱা দেৱশিশুক প্ৰচণ্ড জাৰত ওৰে ৰাতি সুৰক্ষা দিলে বাটৰ কুকুৰে, পুৱা উদ্ধাৰ কৰে গাঁওবাসীয়ে

74

কোনো পাষাণ মাতৃয়ে পেলাই থৈ যোৱা এটি সদ্যজাত শিশুক গোটেই নিশা সুৰক্ষা দিলে কেইটামান বাটৰ কুকুৰে। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ মুংগেলি জিলাৰ লৰ্মিৰ চাৰিষ্টাল গাঁৱত।

পাষাণ মাতৃৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হোৱা কন্যা শিশুটিক এখন জনশূন্য পথাৰত পেলাই থৈ যোৱাৰ পিছত পুৱা স্থানীয় লোকে শিশুটিক সুকলমে উদ্ধাৰ কৰে। স্থানীয় লোকে জনোৱা অনুসৰি, সেই অঞ্চলত ঘূৰি ফুৰা কেইটামান বাটৰ কুকুৰে শিশুটিক নিজৰ পোৱালিবোৰৰ লগতে ৰাখি সুৰক্ষা দিয়ে। যাৰ বাবে নিশাৰ প্ৰচণ্ড জাৰ পাৰ কৰাৰ পিছতো দেৱশিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ হয়।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, একাংশ লোকে পুৱা কামলৈ ওলাই অহাৰ পিছত এটি শিশুৰ কান্দোনৰ শব্দ শুনিবলৈ পায়। পিছত তেওঁলোকে ভালদৰে চৌদিশে চোৱাত কেইটামান কুকুৰৰ পোৱালিৰ কাষতে সদ্যজাত কন্যা শিশুটিয়ে কান্দি থকা দেখে।

লগে লগে স্থানীয় লোকে আৰক্ষী আৰু স্থানীয় হাস্পতালত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ শিশুটি উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱায়। তাৰ পিছত শিশুটিক শিশু কল্যাণ সমিতিৰ দ্বাৰা পৰিচালিত চাইল্ড লাইন প্ৰকল্পলৈ প্ৰেৰণ কৰা হয়। সদ্যজাত কন্যা শিশুটিৰ নাম আকাংক্ষা ৰখা হৈছে।

আনহাতে আৰক্ষীয়ে শিশুটিৰ প্ৰকৃত পিতৃ-মাতৃক বিচাৰি অভিযান আৰম্ভ কৰিছে। কিন্তু শিশুটিক এনেদৰে পথাৰৰ মাজত পেলাই থৈ যোৱা পাষাণ পিতৃ-মাতৃক উচিত শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় লোকে।