পানীৰ টেংকীত ডুবাই ৭ বছৰীয়া সন্তানক হত্যা পিতৃৰ

92

পাষাণ হৃদয়ৰ পিতৃয়ে পানীৰ টেংকীত ডুবাই হত্যা কৰিলে নিজৰেই সাত বছৰীয়া সন্তানৰ। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বিকানেৰ জিলাত। জিলাখনৰ এখন সৰু গাঁৱৰ বাসিন্দা মুলাৰাম নামৰ লোকজনে নিজৰ ৭ বছৰীয়া সন্তানটোক ঘৰৰ পানীৰ টেংকীত ডুবাই দিয়ে। শিশুটিৱে টেংকিৰ পৰা বাহিৰলৈ ওলাই আহিব বিচাৰিছিল যদিও পাষাণ পিতৃয়ে টেংকিৰ ঢাকনি বন্ধ কৰি দিয়াত টেংকিৰ ভিতৰতে কৰুণ মৃত্যুক সাৱটি লবলগা হয়।

আৰক্ষীয়ে ইতিমধ্যে অপৰাধী মুলাৰামক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সদৰী কৰা মতে, মুলাৰাম মানসিকভাৱে বিকাৰগ্ৰস্ত। ইয়াৰ পূৰ্বে পত্নীকো প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল ধৃত মুলাৰামে।