ডিজিটেল ডেস্কঃ ইখনৰ পিছত সিখন ফ্লপ ছবিৰ পিছত এতিয়া আহিবলগীয়া ‘পাঠান’ ছবিৰ সফলতাৰ বাবে আশীৰ্বাদ বিচাৰি মন্দিৰে-মছজিদে ফুৰিছে বলিউডৰ কিং খান শ্বাহৰুখ।
কেতিয়াবা যদি তেওঁ মক্কা দৰ্শনৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, আন কেতিয়াবা আকৌ ভাইৰেল হৈছে কপলাত তিলক লোৱা বৈষ্ণদেৱী দৰ্শনৰ ভিডিঅ’।
কিন্তু শ্বাহৰুখ খানৰ এই প্ৰচেষ্টাৰ মাজতে ছবিখনৰ গীত মুক্তি দিয়াৰ পিছতে সূত্ৰপাত ঘটিছে বিতৰ্কৰ।
বিশেষকৈ ‘বেছৰম ৰং’ শীৰ্ষক গীতটিত অভিনেত্ৰী দিপীকা পাডুকনে পৰিধান কৰা সাজ-সজ্জাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ইয়াৰ মাজতে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয় যে গীতটোত পাডুকনৰ সাজ-পোছাক আপত্তিজনক।
তেওঁ লগতে কয় যে ইয়াক সংশোধন কৰা উচিত নহ’লে ছবিখনৰ মুক্তি স্থবিৰ কৰা হ’ব নে নহয় সেই বিষয়ে চিন্তা কৰিবলৈ বাধ্য হ’ব।
ভুল উদ্দেশ্যৰে চিত্ৰগ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
