পাঠশালাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু, এজন আহত

70

বজালী জিলাৰ পাঠশালাত বুধবাৰে পাইপ সংলগ্ন কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱায় এজন শ্ৰমিকে। ইফালে এই ঘটনাত আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, ৩জন শ্ৰমিকৰ এটা দল পাঠশালাৰ টিটকা গাঁৱত পাইপ ফিটিং কামত নিয়োজিত আছিল। সেই সময়ত দুজন শ্ৰমিক উচ্চ ক্ষমতাসম্পন্ন তাঁৰৰ সংস্পৰ্শলৈ আহে আৰু বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকে প্ৰাণ হেৰুৱায়।

মৃত ব্যক্তিজনক পাঠশালাৰ কাটাকুছিৰ ৫৫ বছৰীয়া খৰ্গেশ্বৰ ৰয় বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি, ১১,০০০ ভল্টৰ বিদুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁ ঘটনাস্থলীতে নিহত হয়।

তদুপৰি, বিদ্যুৎস্পৃষ্ট হোৱা আনজন শ্ৰমিক ঘটনাটোত গুৰুতৰভাৱে আহত হয়। তেওঁক প্ৰজা দাস (৬০) বুলি চিনাক্ত কৰা হৈছে।