পাঠশালাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

172

কংগ্ৰেছৰ গৌৰৱ যাত্ৰাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ এই যাত্ৰা গান্ধী নেহেৰু পৰিয়ালৰ গৌৰৱ গাঁথা নে অসমৰ বংশবাদ ৰক্ষা কৰা তৰুণ গগৈৰ পুতেকৰ গৌৰৱ যাত্ৰা সেয়া আমি বুজি পোৱা নাই বুলিও উল্লেখ কৰে।

যদি বংশবাদ বাদ দি গৌৰৱ গগৈৰ স্হানৰ বাবে এই যাত্ৰা তেন্তে তাত মূল্য আছে ।

যদি গান্ধী নেহেৰু পৰিয়ালৰ কিবা গৌৰৱ গাঁথা লৈ যদি কিবা কৰিছে সেয়া ভাৰতৰ মানুহে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে।

আমি বিৰোধী দল শক্তিশালী হোৱাটো বিচাৰো বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।

ভূপেন বৰাই কবিতা লিখাত কৈ সংগঠনৰ কাম কৰিলে আমি ভাল পাম বুলি মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে।

ভূপেন বৰা, ৰিপুণ বৰা আদিৰ দৰে 3/4 বাৰ কৈ পৰাস্ত হোৱা নেতাৰ কথা সাংবাদিকক নুসুধিবলৈ অনুৰোধ জনায় মন্ত্ৰী গৰাকীয়ে।

বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ পৰিৱৰ্তন কামী কাৰ্যৰ বাবে বিজেপিৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰে মন্ত্রী গৰাকীয়ে।

ভাৰত বৰ্ষক বিভাজন কৰা দলটোৱেই কংগ্ৰেছ দল বুলি অভিহিত কৰে জয়ন্ত মল্ল বৰুৱাই।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক দক্ষ মন্ত্ৰী আখ্যা দিয়ে জয়ন্ত মল্ল বৰুৱাই।

এতিয়া অসমত কোনো আন্দোলনৰ প্ৰাসংগিকতা নাই বুলিও মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে ।