পাকিস্তানত ভূমিকম্প: শিশুসহ ২০ জনৰ মৃত্যু, ৩ শতাধিক আহত

107

বৃহস্পতিবাৰে পুৱতি নিশা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত ৰিখটাৰ স্কেলত ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হয় আৰু ৩০০ ৰো অধিক লোক আহত হয়।

দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী নাছিৰ নাছাৰে আশংকা ব্যক্ত কৰি কয় যে এই ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।

স্বতন্ত্ৰ সংগঠন ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ মতে ভূমিকম্পটো বেলুচিস্তান প্ৰদেশৰ হাৰনাই জিলাত উদ্ভৱ হৈছিল। যাৰ ফলত কোৱেটা, চিব্বি, পিশিন, মুছলিম বাগ, জিয়াৰাট, কিলা আব্দুল্লাহ, চাঞ্জাভি, ঝোব আৰু চমন চহৰত কম্পন অনুভৱ হয়।

ভূমিকম্পৰ ফলত সংঘটিত দুৰ্ঘটনাত আহত লোকসকলক হৰনাইৰ জিলা মুখ্য কাৰ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

হৰনাই জিলাৰ উপায়ুক্ত সোহেল আনৱাৰ হাছমীয়ে জনোৱা অনুসৰি মৃতসকলৰ ভিতৰত আছে কমেও ছয়টা শিশু।

এএফপিৰ তথ্য অনুসৰি ভূমিকম্পৰ ফলত চিকিৎসালয়কে ধৰি কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হয়।