ষ্টাফৰিপৰ্টাৰ,,,২৬ এপ্ৰিল।।।স্বেচ্ছাসেৱী সংস্থা হেল্পিং হাৰ্টছে দেওবাৰে অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ সহযোগত মান্দাকাটা কমাণ্ডো বেটেলিয়ান শিবিৰত পাঁচ শতাধিক লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। এপিএছ তথা কমাণ্ডো বেটেলিয়নৰ অধিনায়ক ৰঞ্জন ভূঞা, এন জি অ’ হেল্পিং হাৰ্টছৰ পংকজ চুৰানা, মুকেশ আছণ্টানি, আশিস জালান, পংকজ বাঞ্চালে পাঁচ শতাধিক লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে। এই খাদ্য সামগ্ৰীৰ ভিতৰত আছিল চাউল, মিঠাতেল, নিমখ, আলু, হালধি, আদিকে ধৰি আন আন সামগ্ৰী। মান্দাকাটা কমাণ্ডো শিবিৰৰ সমীপৱৰ্তী বাটা, ফুলুন, মাণিকপুৰ বাগান আৰু মান্দাকাটা অঞ্চলৰ লোকসকলৰ মাজত এই সামগ্রী বিতৰণ কৰা হয়।
