ষ্টাফৰিপৰ্টাৰ, পহিলা জুলাইৰ পৰা দেশত আৰম্ভ হ’ব আনলক–২। মঙলবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা সদৰী কৰে।প্ৰধানমন্ত্ৰীয়ে কয় “দীপাৱলী পৰ্যন্ত অৰ্থাৎ আগন্তুক ৫ মাহলৈ অন্ন যোজনা আঁচনি অব্যাহত থাকিব। সকলোৰে প্ৰতি লক্ষ্য ৰাখি দীপাৱলী আৰু ষটপূজা পৰ্যন্ত আমি অন্ন যোজনা অব্যাহত ৰাখিম।আগন্তুক ৫ মাহ দুখীয়া পৰিয়ালৰ সদস্যই প্ৰতি ৫ কিল’গ্ৰাম চাউল বা আটা পাব। ১ কিলোগ্ৰামকৈ দাইলো যোগান ধৰা হ’ব।মুঠ ৮০ কোটি মানুহ এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।”