পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ কনভয়ত আক্ৰমণ

39

ডিজিটেল ডেস্ক: পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ কনভয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ। বৃহস্পতিবাৰে আলিপুৰদুৱাৰৰ সমীপত বিজেপিৰ এখন সভাত অংশ লবলৈ যোৱাৰ সময়তে ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ কনভয়ত আক্ৰমণ কৰে একাংশ প্ৰতিবাদকাৰীয়ে।

কলা পতাকা প্ৰদৰ্শন কৰি দিলীপ ঘোষ গ’ বেক, বিজেপি মূর্দাবাদ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। ইফালে কনভয়ত আক্ৰমণ কৰা লোকসকল তৃণমূল কংগ্ৰেছৰ কৰ্মী বুলি দাবী কৰিছে বিজেপিয়ে।