পশ্চিম বংগত ভোটগ্ৰহণৰ মাজতে CISFৰ গুলীত নিহত ৫ তৃণমূল কংগ্ৰেছ কৰ্মী

62

পশ্চিম বংগত অনুষ্ঠিত হৈ থকা চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ৰক্তাক্ত পৰিস্থিতি। শীতলকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঠানটুলিৰ ১২৬নং বিধানসভা সমষ্টিত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। ভোটদান অব্যাহত থকাৰ মাজতে একাংশৰ মাজত হতাহতিৰ ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিআইএছএফ বাহিনীয়ে কৰা গুলীচালনাত নিহত হৈছে ৫ জনকৈ তৃণমূল কৰ্মী।

এজনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাকী ৪ জনৰ মৃত্যু ঘটে হাস্পতালত। পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পিছতে ভোট দান বন্ধ কৰি ৰখা হৈছে শীতলকুছিত। এই ৰক্তাক্ত পৰিস্থিতিৰ আঁৰত বিজেপিৰ হাত থকা বুলি অভিযোগ তৃণমূল কংগ্ৰেছৰ। ইফালে ঘটনা সন্দৰ্ভত আজিৰ ভিতৰতে বিস্তৃত প্ৰতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে।

উল্লেখ্য যে আজি পশ্চিম বংগত অনুষ্ঠিত হৈ আছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন। ৫ খন জিলাৰ ৪৪ টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন। নিৰ্বাচনৰ মাজতে শীতলকুছিত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ।