পশ্চিম গুৱাহাটীৰ মাজিৰগাঁৱক ‘আদৰ্শ গাঁও’ ঘোষণা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

69

গুৱাহাটী: কামৰূপ মহানগৰ জিলাৰ আজাৰা ৰাজহ চক্ৰৰ তথা ৰাণী উন্নয়ন খণ্ড আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজিৰগাঁওক ‘আদৰ্শ গাঁও’ হিচাপে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঘোষণা কৰিছে ।

আনহাতে প্ৰস্তাৱিত ‘আদৰ্শ গাঁও’ খন কেনেদৰে গঢ়ি তোলা হব সেই সম্পৰ্কীয় এখন পৰ্যালোচনা সভা ৪ নৱেম্বৰত মাজিৰগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হয় । কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপাংকৰ দলেয়ে সভাৰ আৰম্ভণিতে আদৰ্শ গাঁওৰ ধাৰণা সন্দৰ্ভত বিশদ বাখ্যা দাঙি ধৰে আৰু এইক্ষেত্ৰত ৰাইজৰ কৰণীয়তাৰ বিষয়ে বিবৰি কয়। আনহাতে সভাত ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মাজিৰগাঁও গাঁও পঞ্চায়তৰ অধীনৰ মাজিৰগাঁওক অসম চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি কেনেধৰনে সজাই পৰাই তোলা হব তাৰ এক ৰূপৰেখা দাঙি ধৰে ।

আদৰ্শ গাঁওৰ আঁচনি কাৰ্যকৰি কৰিবলৈ ৫ কৌটি টকা ধার্য কৰা আৰু প্ৰাৰম্ভিক কাম-কাজৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে বুলি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ব্যক্ত কৰি আগন্তক দিনত সমষ্টিৰ আন এখন গাঁও শিকাৰহাটীক ‘আদৰ্শ গাঁও’ হিচাপে গঢ়ি তোলা হব বুলি সদৰি কৰে । সভাত ভাগ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মাই মাজিৰগাঁওক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা বাবে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক ধন্যবাদ জ্ঞাপন কৰে ।

সভাত ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যকে ধৰি কেইবাজনো সদস্য , কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , অবসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰবীন্দ্ৰনাথ বৰুৱা আৰু মাজিৰগাঁওৰ পুথিভঁৰাল , সংঘ তথা ক্লাব আৰু অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মকর্তা- প্ৰতিনিধি উপস্থিত থাকে ।ইফালে মাজিৰগাঁওক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰাৰ খবৰ বিয়পি পৰাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত উচাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে ।