পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন দৃশ্যই এতিয়া আকৰ্ষণ কৰিছে পৰ্যটকক।
মায়ঙৰ পবিতৰা অভয়াৰণ্যত একেলগে 30 পৰা 35 টা গঁড় একেলগে দেখা পোৱাতো পৰ্যটকৰ বাবে বৰ্তমান প্ৰায় সুলভ। দেশ বিদেশৰ পৰ্যটকে উপভোগ কৰিছে ইমান গঁড় একেলগে বিচৰণৰ ৰোমাঞ্চকৰ দৃশ্য।
শীতৰ আগমনৰ লগেলগে ৰাজ্যৰ অন্যান্য পৰ্যটন স্থলীৰ লগতে যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্য লৈও আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ।
আজি পুন প্রথম বাৰৰ বাবে পবিতৰা অভয়াৰণ্যৰ ভিতৰচোৱা পৰিদৰ্শন কৰে মায়া নগৰী মুম্বাইৰ “মাই ইন্ডিয়া এডভেঞ্চাৰ টুৰ এন্ড ছাফাৰি” নামৰ এটি সন্থায়।
পবিতৰাৰ গঁড় , মহ, বিভিন্ন পৰিভ্ৰমী চৰাইৰ লগতে পবিতৰাৰ নান্দনিক দৃশ্য চাই আপ্লুত আন্তৰাষ্ট্ৰীয় ফটোগ্রাফাৰ সন্তুষ আৰ নিম্বালকাৰ লগতে তেখেতৰ সঙ্গীবৃন্দ। লগতে দেশৰ পৰ্যটনৰ সৈতে জড়িত থকা প্ৰতি গৰাকী লোক আৰু পৰিবেশ প্ৰেমীক পবিতৰালৈ আহিবলৈও আমন্ত্রণ জনাই সংস্থাটোৱে।
