পপক’ৰ্ণ বিক্ৰী কৰা ছাত্ৰক স্মাৰ্টফোন দিয়াৰ প্ৰতিশ্ৰুতি, কিন্তু বিনিময়ত ছনু সুদে বিচাৰিলে কি?

77

ডিজিটেল ডেস্কঃ অভিনেতা ছনু সুদ বলীউডৰ এনে এজন শিল্পী যিয়ে ৰীল লাইফত খলনায়কৰ চৰিত্ৰ ৰুপাণয় কৰিলেও বাস্তৱত এতিয়া ৰিয়েল হিৰ’ হৈ পৰিছে। লকডাউনৰ সময়ত লাখ লাখ প্ৰৱাসী শ্ৰমিকক নিজ ঘৰলৈ উভতাই পঠিয়াই সমগ্ৰ দেশৰবাসীৰ বাবে নয়নৰ মণি হৈ পৰা ছনু সুদে এতিয়া ছ’চিয়েল মিডিয়াযোগেও বহুজনক সহায় কৰি আহিছে।

শেহতীয়াকৈ ৰাজপথত পপক’ৰ্ণ বিক্ৰী কৰা এটি কিশোৰক অনলাইন ক্লাছৰ বাবে স্মাৰ্টফ’ন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ছনু সুদে। কিন্তু তাৰ পৰিৱৰ্তে কিশোৰজনৰ পৰাও কিবা এটা বিচাৰিছে তেওঁ।

দৰাচলতে অঞ্জলী তাজ নামৰ এগৰাকী মহিলাই টুইটাৰত ছনু সুদলৈ সহায়ৰ আহ্বান কৰি লিখিছিল যে হেপ্পী নামৰ কিশোৰটোৱে দেউতাকৰ সহায়ৰ বাবে ৰাজপথত পপক’ৰ্ণ বিক্ৰী কৰে। মহিলাগৰাকীয়ে লগতে এয়াও উল্লেখ কৰে যে তেওঁ যেতিয়াৰে পৰা কিশোৰ ছাত্ৰজনক লগ পাইছে, তেতিয়াৰে পৰা তাৰ পঢ়াৰ খৰছ বহন কৰি আহিছে। কিন্তু বৰ্তমান আৰম্ভ হোৱা অনলাইন ক্লাছৰ বাবে হেপ্পীক এটা স্মাৰ্ট ফোনৰ প্ৰয়োজন হৈছে। সেইবাবেই তেওঁ ছনু সুদৰ পৰা সহায় বিচাৰিছে।

মহিলাগৰাকীৰ এই টুইট লাভ কৰাৰ পিছতে ছনু সুদে ৰিটুইট কৰে। য’ত তেওঁ লিখিছে যে তেওঁ তেতিয়াহে হেপ্পীক স্মাৰ্টফোন দিব, যেতিয়া হেপ্পীয়ে তেওঁক পপক’ৰ্ণ খুওৱাৰ প্ৰতিশ্ৰুতি দিব। তাৰ পিছতে অভিনেতাজনে কিশোৰজনৰ বিশেষ সবিশেষ বিচাৰে।