পদ্মশ্ৰী ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন মন্ত্ৰী যোগেন মহনৰ

102

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাৰ পিছতে আনন্দৰ স্ৰোত বৈছে সমগ্ৰ ৰাজ্যত। বিশিষ্ট সাহিত্যিকগৰাকীৰ গুণমুগ্ধ আৰু অনুৰাগীসকলে তেওঁৰ ধাইআলিস্থিত বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনেও সাহিত্যিক ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে আনন্দ ব্যক্ত কৰে।

সাহিত্যিক ইমৰান শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিষয়টো শিৱসাগৰৰ বাবে অতিশয় গৌৰৱ আৰু আনন্দৰ বতৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে শ্বাহৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ৰাজহ মন্ত্ৰীগৰাকীৰ লগতে ইমৰান শ্বাহৰ ঘৰত উপস্থিত হৈ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, সমাজকৰ্মী ভৱেন মহন আৰু সুৰভী ৰাজকুঁৱৰী, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতেও বিশিষ্ট সাহিত্যিকগৰাকীক সম্বৰ্ধনা জনায়।