পদত্যাগ কৰি কি কলে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে…

103

সুদীৰ্ঘ ৫ বছৰীয়া কাৰ্যকালৰ অন্ত পেলাই অৱশেষত আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে সর্বানন্দ সোনোৱালে। এতিয়া তেওঁৰ পৰিচয় মাজুলী সমষ্টিৰ বিধায়ক। তাৰ বিপৰীতে পূৰ্বৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে নিশ্চিত হল। বিধায়িনী দলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰীক হাত চাপৰি বজাই সমৰ্থন জনালে বিধায়কসকলে। ইফালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি নিজৰ মত ৰাখে সৰ্বানন্দ সোনোৱালে।

আমি সকলোৱে পাঁচ বছৰ একেলগে কাম কৰিলো বুলি উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। বৰাক–ব্ৰহ্মপুত্ৰৰ সকলোকে লৈ আমি আগবাঢ়িলো। প্ৰগতি, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে চৰকাৰ গঠনত আমাক সুবিধা দিছে। ডঃ হিমন্ত বিশ্ৱ শৰ্মাই যোগ্যতাৰে অসমক নেতৃত্ৱ দিব বুলি উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। লগতে মিলাপ্ৰীতিৰে আগবাঢ়িলে আমি সফল হ’ম বুলিও উল্লেখ কৰে। সফলতাৰে কাৰ্যকাল সমাপ্ত কৰিব বুলি আশাবাদী সৰ্বানন্দ সোণোৱাল। আমি এক হৈ থাকিম, ভাগ হ’লে আমি ভাগি পৰিম বুলি উল্লেখ কৰে বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে।