বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাত এখন যাত্ৰীবাহী বাছ পথৰ দাঁতিৰ পুখুৰীত বাগৰি পৰাত ৫ গৰাকী মহিলাসহ ৯ জন লোক নিহত হয়। দুৰ্ঘটনাত বাছখনৰ চালকজনৰো মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে আৰু মৃতকৰ নিকটাত্মীয়ক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।
ঘটনাটো বুধবাৰে পশ্চিম গোদাৱৰীৰ জাঙ্গাৰেড্ডীগুডেম বিভাগৰ জালেৰুৰ ওচৰত সংঘটিত হয়। জানিব পৰা মতে, দুৰ্ঘটনাটোত চালকসহ ৯ জন লোক নিহত হয়। বাছখনত ৪৭ জন যাত্ৰী আছিল। অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দনে ঘটনাটোত শোক প্ৰকাশ কৰিছে। ৰাজ্যপালে বিষয়াসকলক অতি সোনকালে আহতসকলক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।
মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে পশ্চিম গোদাৱৰীৰ জংগাৰেড্ডীগুডেম বিভাগৰ জালেৰুত সংঘটিত ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ সকলো মৃতকৰ নিকটাত্মীয়ক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। একে সময়তে, তেওঁ প্ৰশাসনক আহতসকলৰ উন্নত চিকিৎসাৰ বাবে সকলো সম্ভৱ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে।
