মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ।।
পথ পুনৰ নিৰ্মাণ দাবীত সদৌ অসম ছাত্র সন্থা এই প্ৰতিবাদ।।
জৰাৰ্জীণ পথে জীয়াটো ভুগাইছে বৃহত্তৰ বালিগাও অঞ্চল।
লোক নিৰ্মাণ বিভাগৰ কুম্ভ কৰ্ণ নিদ্ৰাৰ ফলত এতিয়া ৰাজ্য খনৰ বহু অঞ্চলত পথ সমুহ অস্তিত্বহীন হৈ পৰিছে।বিশেষকৈ ফৰ লেন্ড নিৰ্মাণ কৰা বাবে ব্ৰহ্মপুত্ৰৰ পৰা বালি আৰু মাটি সংগ্ৰহ বাবে ডাম্পাৰৰ বাবে এতিয়া এসময়ৰ সুন্দৰ পথবোৰ জৰাৰ্জীণ হৈ পৰিছে।
বিশেষকৈ যোৰহাট নগৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অঞ্চলত এতিয়া পথৰ নামত জীয়াটো ভুগিছে জনতাই।যোৰহাটৰ বৃহত্তৰ বালিগাও অঞ্চল লৈ যোৱা মুল পথ জে ৱী ৰোডত যাতায়ত কৰা সম্ভৱ নহয়।দিনে নিশাই ডাম্পাৰৰ দৌৰাত্মৰ বাবে এতিয়া পথটো নামতহে আছে গৈ ।
আজি সদৌ অসম ছাত্ৰ সন্হাৰ বালি গাও আঞ্চলিক সন্হাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।।
উল্লেখযোগ্য যে এটা সপ্তাহৰ ভিতৰত পথটো পুনৰ নিৰ্মাণ নকৰে লগতে ডাম্পাৰৰ যাতায়ত বন্ধ নকৰে তেনেহলে অনাগত দিনত জংগীৰ পৰা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।