পথ দুৰ্ঘটনাত ৩ শিশুসহ একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

62

মঙলবাৰে লুধিয়ানাত বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পূৰ্বে তীব্ৰবেগী এখন গাড়ী ডিভাইডাৰৰ সৈতে খুন্দা মৰাৰ ফলত এটা পৰিয়ালৰ পাঁচজনৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

নিহত লোককেইজনৰ নাম ৰাজেশ, সঞ্জনা (৩০), মাহী (৫), খুশী (৩), আৰু জেচমিন বুলি জানিব পৰা গৈছে।

ৰাজেশৰ পত্নী প্ৰিয়াক ভৰ্তি কৰোৱা হৈছে লুধিয়ানাৰ খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড হস্পিতালত।

এটা বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহিছিল পৰিয়ালটো। পুৱা প্ৰায় ২.৪৫ বজাত চণ্ডীগড় ৰোডৰ ফৰ্টিছ হাস্পতালৰ সমীপত তীব্ৰবেগী গাড়ীখন ডিভাইডাৰৰ সৈতে খুন্দা মৰাৰ পিছত বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

দুৰ্ঘটনাত গাড়ীখন চলাই থকা ৰাজেশৰ লগতে আন চাৰিজনে থিতাতে মৃত্যুক সাৱটি লয়।

জীৱন নগৰ, ফ’কেল পইণ্ট, আৰক্ষী চকীৰ প্ৰভাৰী গুৰমীত সিঙে কয় যে গাড়ীখন তীব্ৰ বেগেৰে গৈ আছিল যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল। আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।