পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাজস্থানৰ প্ৰাক্তন সাংসদ মানৱেন্দ্ৰ সিং, পত্নীৰ মৃত্যু

79

মঙলবাৰে ৰাজস্থানৰ আলৱাৰত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় প্ৰাক্তন কংগ্ৰেছ সাংসদ মানৱেন্দ্ৰ সিং জাছলৰ পত্নীৰ। আৰক্ষী বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাটোৰ সৈতে জড়িত বাহনখনত সিং আৰু তেওঁৰ পুত্ৰও আহত হৈছে। বিজেপিৰ নেতা প্ৰয়াত যশৱন্ত সিঙৰ পুত্ৰ মানৱেন্দ্ৰ সিঙে ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত বাৰমেৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিজেপি এৰি ২০১৮ চনত কংগ্ৰেছত যোগদান কৰিছিল।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, খুছপুৰী গাঁৱৰ সমীপত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাক্তন সাংসদগৰাকীৰ পত্নী চিত্ৰা সিং নিহত হয়। দুৰ্ঘটনাত আহত মানৱেন্দ্ৰ সিং, তেওঁৰ পুত্ৰ সোলংকি সিং আৰু গাড়ীখনৰ চালক বৰ্তমান আলৱাৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোকে দিল্লীৰ পৰা জয়পুৰ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

শোক প্ৰকাশ কৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে কয় যে, “প্ৰাক্তন সাংসদ তথা বিধায়ক মানৱেন্দ্ৰ সিং জাছলৰ পত্নী শ্ৰীমতী চিত্ৰা সিঙৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ পাই মই দুখী হৈছো। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে বিদেহী আত্মাক শান্তি দিয়ক। শোকসন্তপ্ত পৰিয়ালৰ সদস্য আৰু জাছেলৰ বাসিন্দালৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”