পত্নীয়ে দা’ৰে ঘপিয়াই হত্যা কৰিলে স্বামীক

195

ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । নিজ পত্নীয়ে দা’ৰে ঘপিয়াই হত্যা কৰিলে স্বামীক । বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত কলাখোৱা বাহবাৰি গাঁৱ নিবাসী খগেশ্বৰ ওৰফে মইনা দিহিঙীয়াক দা’ৰে ঘপিয়াই হত্যা কৰে পত্নী দেৱযানী দিহিঙ্গীয়াই । বিশেষ কাৰণত বাক বিতণ্ডা হৈছিল স্বামী – পত্নীৰ মাজত । আৰু ইয়াৰ পাছতেই সংঘটিত হয় এই ঘটনা । কাজিয়া আৰম্ভ হোৱাৰ সময়ত সৰু পুত্ৰও আছিল ঘৰতে । পিতৃ- মাতৃৰ কাজিয়া দেখি ওচৰ চুবুৰীয়াক মাতিবলৈ গৈ ঘূৰি অহাৰ আগতে মাতৃ দেৱযানি দিহিঙ্গীয়াৰ দাৰ ঘাপত গুৰুত্ব ভাবে আঘাট প্ৰাপ্ত হয় পিতৃ মইনা দিহিঙীয়া । ইয়াৰ পিছতে গুৰুত্বৰভাৱে আহত খগেশ্বৰ দিহিঙীয়া ওৰফে মইনা দিহিঙীয়াক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হয় যদিও চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় । ইফালে, পত্নী দেৱযানী দিহিঙীয়াক গ্ৰেপ্তাৰ কৰে বৰবৰুৱা আৰক্ষীয়ে । বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে দেৱযানী দিহিঙীয়া।