পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পদত্যাগ, ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ক’লে…

74

পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে শনিবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে। তেওঁ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে। তেওঁ পদত্যাগ পত্ৰত লিখিছে যে তেওঁ ব্যক্তিগত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বানৱাৰীলাল পুৰোহিতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত লিখিছে, “ব্যক্তিগত কাৰণ আৰু অন্যান্য প্ৰতিশ্ৰুতিৰ বাবে মই পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক পদৰ পদত্যাগ পত্ৰ আগবঢ়াইছো। অনুগ্ৰহ কৰি গ্ৰহণ কৰক।”

ইয়াৰ পূৰ্বে ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৮৩ বছৰীয়া বনৱাৰী লাল পুৰোহিতে। ২০১৬-২০১৭ বৰ্ষৰ ভিতৰত অসমৰ ৰাজ্যপালৰ দায়িত্বও পালন কৰি আহিছে। আনহাতে ২০২১ চনৰ আগষ্ট মাহত তেওঁ পঞ্জাৱৰ ২৯ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰায় চাৰে তিনি বছৰৰ মূৰত পদৰ পৰা পদত্যাগ কৰে তেওঁ। ভাৰতীয় জনতা পাৰ্টিৰ পৰা নাগপুৰ লোকসভাৰ আসনৰ পৰাও তিনিবাৰৰ সাংসদ হৈ আহিছে বনৱাৰীলাল পুৰোহিত। একে সময়তে ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ টিকটত দুবাৰকৈ একেখন আসনৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

উল্লেখ্য যে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ মাজত মতানৈক্য আছিল। দুদিন পূৰ্বে মুখ্যমন্ত্ৰী মানে ৰাজ্যপালক লক্ষ্য কৰি তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মানে কৈছিল যে ৰাজ্যখনত আমাৰ এখন নিৰ্বাচিত চৰকাৰ আছে। আমি নিৰ্বাচিত পদ্ধতিৰে শাসন কৰিম। গণতন্ত্ৰত নিৰ্বাচনৰ জৰিয়তে শাসন ব্যৱস্থা কৰা হয়। ভগৱন্ত মানে কৈছিল যে ৰাজ্যপালে প্ৰতিটো কথাই কয় যে এইটো অবৈধ আৰু সেয়া বৈধ। প্ৰণিধানযোগ্য যে ৰাজ্যপালৰ সৈতে তেওঁৰ উত্তেজনাৰ কাৰণো আছিল কিছুমান বিধেয়ক, যিবোৰ আগতে ৰাজ্যপালৰ অনুমোদন নাছিল আৰু যাৰ বিৰুদ্ধে মান উচ্চতম ন্যায়ালয়লৈ গৈছিল। ইয়াৰ পিছত ৰাজ্যপালে পুনৰ বিধেয়কসমূহত অনুমোদন জনায়।