পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা পদৰ পৰা পদত্যাগ ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ

93

ডিজিটেল ডেস্কঃ নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পৰামৰ্শদাতা পদৰ পৰা পদত্যাগ কৰে। টুইটযোগে এই কথা জানিবলৈ দি প্ৰশান্ত কিশোৰে কয় যে তেওঁ ৰাজহুৱা জীৱনৰ সক্ৰিয় ভূমিকাৰ পৰা সাময়িক অব্যাহতি ল’বলৈ সিদ্ধান্ত লৈছে। তেনে পৰিপ্ৰেক্ষিতত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা হিচাপে তেওঁ তেওঁৰ দায়িত্ব পালন কৰিবলৈ সক্ষম নহ’ব বাবেই সেই পদৰ পৰা পদত্যাগ কৰে।

ইফালে প্ৰশান্ত কিশোৰে অহা বছৰ অনুষ্ঠিত হবলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ তথা বিৰোধীৰ হৈ নিজৰ ৰণনীতি প্ৰস্তুত কৰাৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা পদৰ পৰা পদত্যাগ কৰা বুলি একাংশই দাবী কৰিছে। উল্লেখ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধীক একত্ৰিত কৰাত প্ৰশান্ত কিশোৰে এক মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি ইতিমধ্যে সৰৱ চৰ্চা চলিছে।