পকী ঘৰ, চাকৰিয়াল, চাৰি চকীয়া গাড়ী থকাৰ পিছতো পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

735

পকী ঘৰ, চাকৰিয়াল, চাৰি চকীয়া গাড়ী থকাৰ পিছতো পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ।এই অভিযোগ কাঠ মিষ্ট্ৰী কাম কৰি বহু কষ্টৰে পকী ঘৰ নিৰ্মাণ কৰি তালিকাত নাম থাকিও চৰকাৰী গৃহৰ পৰা বঞ্চিত হিতাধিকাৰীৰ।

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত থুৰিবাৰী ভিচিডিচিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ উত্থাপন কৰিছে শ্ৰমিকৰ কাম কৰি বহু কষ্টৰে পকী ঘৰ নিৰ্মাণ কৰি তালিকাত নাম থাকিও চৰকাৰী গৃহৰ পৰা বঞ্চিত ব্যক্তি তথা ভিচিডিচিটোৰ অন্তৰ্গত ফুলকুমাৰী নিবাসী চতালু সূত্ৰধৰে। ভিচিডিচিটোৰ অন্তৰ্গত কেবাজনো হিতাধিকাৰীয়ে পকী ঘৰ, পৰিয়ালত চৰকাৰী চাকৰি, চাৰি চকীয়া গাড়ী থকাৰ পিছতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁ যদি দৈনিক শ্ৰমিকৰ উপাৰ্জনৰে পকী গৃহ নিৰ্মাণ কৰি চৰকাৰী গৃহৰ পৰা বঞ্চিত হ’ব লগা হয়, বকীবোৰে পকী ঘৰ থাকিও কেনেকৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে।এই ক্ষেত্ৰত ভিচিডিচিটোৰ সভাপতি, দ্বায়িত্বত থকা GRS য়ে গোপন বুজা-বুজিৰে পকী ঘৰ, পৰিয়ালত চৰকাৰী চাকৰি, চাৰি চকীয়া গাড়ী থকাৰ পিছতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা বুলি সন্দেহ ব্যক্ত কৰে।

আনহাতে ভিচিডিচিটোৰ সভাপতি মনেশ্বৰ গয়াৰীয়ে উক্ত অভিযোগ সন্দৰ্ভত তেওঁ চৰকাৰী নীতি নিৰ্দশনাৰে কাম কৰি থকা বুলি মত ব্যক্ত কৰে যদিও যিসকল অনুপযুক্ত হিতাধিকাৰীয়ে গৃহ লাভ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত বিভাগীয়ভাব পুনৰিক্ষণ কৰা হ’ব বুলি জানিব দিয়ে।