পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ গোলাঘাট জিলাৰ ডিএছপি কিৰণ চন্দ্ৰ নাথ

438

গোলাঘাট জিলাৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত কৰ্তব্যৰত এজন উপ আৰক্ষী অধীক্ষক (ডিএছপি)ক এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ডিএছপি জনৰ নাম হৈছে কিৰণ চন্দ্ৰ নাথ। তেওঁৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। তাৰ ভিত্তিতে দেওবাৰে গ্ৰেপ্তাৰ কৰা হয়। ডিএছপি কিৰণ চন্দ্ৰ নাথৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩৭৬, ৫০৬ ধাৰা আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ ধাৰা ৬ ৰ অধীনত গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছিল। অভিযোগ অনুসৰি উপ আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথে দেৰগাঁও জ্যোতি নগৰৰ নিজ গৃহত দৰিদ্ৰ পৰিয়ালৰ এগৰাকী বনকৰা কিশোৰীক দীৰ্ঘদিনে ভয়- ভাবুকিৰে যৌন নিৰ্যাতন চলাই আহিছিল।