মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত, আৰক্ষী অধীক্ষক, ডিটিঅ’, সকলো জিলাৰ আবকাৰী অধীক্ষকসকলক ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ড্ৰিংক এণ্ড ড্ৰাইভৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে ডিচি আৰু অন্যান্য বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত সুৰাপান কৰি গাড়ী চলোৱাৰ পৰিঘটনা প্ৰতিহত কৰিবলৈ ৰাস্তাত পৰ্যাপ্ত নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।
তেওঁ ডিচিসকলক বিশেষকৈ ৩১ ডিচেম্বৰৰ নিশা অসমৰ জিলা অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ আৰু চিকিৎসকৰ উপলব্ধতা আৰু পথ দুৰ্ঘটনাত পীড়িতসকলৰ বাবে তাৎক্ষণিক চিকিৎসা হস্তক্ষেপ নিশ্চিত কৰিবলৈও কয়। তদুপৰি, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলক যিকোনো আৱশ্যকতা পূৰণ কৰিবলৈ এম্বুলেন্স সাজু কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, “মানুহে উৎসৱৰ বতৰ উপভোগ কৰা উচিত। কিন্তু এই উপভোগ কোনো স্বীকৃত প্ৰাচল অতিক্ৰম কৰিব নালাগে। প্ৰতিটো জীৱন মূল্যৱান আৰু উপভোগৰ নামত, মূল্যৱান মানৱ জীৱন হেৰুৱাব নালাগে”। সেয়েহে তেওঁ মটৰ চালকসকলক সুৰাপান কৰি গাড়ী চলোৱা কাৰ্য পৰিহাৰ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ডিচি আৰু এছপিসকলক যিকোনো ডুব যোৱা ঘটনা প্ৰতিহত কৰিবলৈ নদীৰ কাষত থকা বনভোজস্থলীত আৰক্ষী আৰু এছডিআৰএফ কৰ্মী মোতায়েন কৰিবলৈও কয়। তেওঁ তেওঁলোকক সুৰাৰ প্ৰভাৱত কৰিব পৰা যিকোনো ধৰণৰ খৰধৰ গাড়ী চলোৱা পৰিহাৰ কৰিবলৈ প্ৰচাৰৰ জৰিয়তে পৰ্যাপ্ত সজাগতা সৃষ্টি কৰিবলৈও নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি কামৰূপ (এম) জিলা প্ৰশাসনে শুকুৰবাৰে নিশা গুৱাহাটীত ড্ৰিংক এণ্ড ড্ৰাইভৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযান টো গণেশগুৰি আৰু চহৰৰ অন্যান্য ঠাইত পৰিচালনা কৰা হয়। ডিটিঅ’ হিমাংশু দাসৰ তত্বাৱধানত এই অভিযান চলোৱা হয়।
