নৱগ্ৰহ শ্মসানত পঞ্চভূতত বিলীন হ’ব যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

121

আজি পঞ্চভূতত বিলীন হ’ব চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ।

দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত হ’ব শেষকৃত্য।

উল্লেখ্য যে, কালি নিশাটো জ্যোতি চিত্ৰবনত ৰক্ষা হয় অভিনেতাগৰাকীৰ নশ্বৰ দেহ।

আজি পুৱা ৯ বজাত জ্যোতি চিত্ৰবনৰ পৰা নশ্বৰ দেহ নিয়া হ’ব কলাক্ষেত্ৰলৈ।

কলাক্ষেত্ৰত অভিনেতাজনক গুণমুগ্ধই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।

তাৰ পিছতে কলাক্ষেত্ৰৰ পৰা নশ্বৰ দেহ লৈ যোৱা হ’ব দীঘলীপুখুৰী পাৰলৈ।

দীঘলীপুখুৰী পাৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ কাষত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গুণমুগ্ধসকলে।