নৰ্মদা নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ! ১৩ জনৰ মৃতদেহ উদ্ধাৰ

83

মধ্যপ্ৰদেশৰ খাৰগণ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। খাৰগণ আৰু ধাৰ জিলাৰ সীমান্তত নৰ্মদা নৈত নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰাবাহী বাছ বাগৰি পৰাৰ ফলত নিহত হয় কেইবাজনো লোক।

জানিব পৰা মতে, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

খালঘাটৰ সঞ্জয় সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনা। বাতৰি অনুসৰি, এখন বাহনক অভাৰটেক কৰাৰ সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাগি নৈত বাগৰি পৰে। দুৰ্ঘটনাৰ সময়ত বাছখনে ইন্দোৰৰ পৰা পুনেলৈ গৈ আছিল। বাছখনৰ ভিতৰত কমেও ৪০ জন যাত্ৰী আছিল বুুলি সন্দেহ কৰা হৈছে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নৰ্মদাৰ বুকুৰ পৰা ইতিমধ্যে ১৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যাৰ ভিতৰত আছে ৪ গৰাকী মহিলা আৰু এটি শিশু।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শোক ব্যক্ত কৰি উদ্ধাৰ আৰু সাহায্য অভিযান তৰাম্বিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাছখন মহাৰাষ্ট্ৰ পৰিবহণ নিগমৰ। সেয়েহে ফোনযোগে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ সৈতে দুৰ্ঘটনা সন্দৰ্ভত কথা পাতিছে শিৱৰাজ সিং চৌহানে।