ন্যায প্ৰাপ্তিৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ -প্ৰতিবন্ধী সুৰক্ষা সংস্হা

167


কৰণা মহামাৰীৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ গ্ৰীষ্ম কালীন অধিবেশন । কিন্তু বিধান সভাৰ অধিবেশনৰ দিনাই বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ বিপৰীতে কভিড পৰ্টকলৰ প্ৰতি লক্ষ্য ৰাখি ন্যায প্ৰাপ্তিৰ দাবীত বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে।

সংস্হাৰ হৈ স্মাৰক পত্ৰ প্ৰদান কৰি নৃপেন মালাকৰে দাবী কৰে যে চৰকাৰে দিব্যাংগ সকলক প্ৰতিমাহে প্ৰদান কৰি অহা ১০০০ টকাৰ ৩০০০ হাজাৰ টকাকৈ প্ৰদান কৰা ব্যবস্থা কৰক ।লক ডাউনৰ সময় চোৱাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে দিব্যাংগ সকলৰ বাবে ঘোষণা কৰা ধন ৰাশি দিয়াৰ ব্যবস্থা কৰা । দিব্যাংগ সকলৰ বাবে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত জিৰণি গৃহ নিৰ্মাণ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰা অনুসৰি বিভিন্ন বিভাগত বেকলগ হিচাপে থকা ৪৪১৯টা পদত নিযুক্তি দিয়াৰ দাবী জনাই সংস্থাৰ তৰফৰ পৰা ।