নৈশ পাৰ্টিত উপস্থিত থকা আৰক্ষী বিষয়াসকলৰ ব্যাপক সালসলনি

70

ষ্টাফৰিপৰ্টাৰ,লকডাউন আৰু সান্ধ্যআইনৰ মাজতে মহানগৰীৰ টি এফ দামোদৰ নামৰ বিলাসী জাহাজখনত
নৈশ পাৰ্টীত উপস্থিত থকা আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ ৰাজ্য কৰিছে চৰকাৰে। নৈশ পাৰ্টিত
উপস্থিত থকা আৰক্ষী বিষয়াসকলৰ ব্যাপক সালসলনি কৰা হৈছে। উল্লেখ্য এই নৈশ ভোজত মহিলা আৰক্ষী সহ ২০ জন জেষ্ঠ্য কনিষ্ঠ আৰক্ষী বিষয়া আছিল বুলি জানিব পৰা গৈছে। মাজ নিশালৈ চলা এই নৈশ ভোজৰ ফটোত সুৰাৰ গিলাচ স্পষ্ট হৈ আছে। সেই অনুসৰি লকডাউন বাৰ্থডে’ৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল হ’ব। ‘লকডাউন বাৰ্থডে’ পাৰ্টী’ত ভাগ লোৱা আটাইকেইজন বিষয়াক বদলি কৰা হ’ল। শাস্তিমূলকভাৱে বদলি কৰা হৈছে। মদে-মাংসই পাৰ্টী কৰা আৰক্ষী বিষয়াকেইজনক ক্ৰমে গৌতম বৰাক গুৱাহাটী মধ্যম আৰক্ষী জিলাৰ DCPৰ দায়িত্ব দিয়া হৈছে।গৌতম বৰা আছিল কাহিলিপাৰাৰ টেন এ পি বি এন ৰ কামাণ্ডেণ্ট DCP লংনিট টেৰণক BIEOৰ SP ৰূপে বদলি।
দুদিন পূৰ্বে BIEOৰ SP ৰূপে যোগদান কৰা স্বপ্ননীল ডেকাক শদিয়ালৈ বদলি কৰা হৈছে। শদিয়াৰ SP ভাউৰীলাল মিনাক কাছাৰৰ SP ৰূপে বদলি, কাছাৰৰ SP মানৱেন্দ্ৰ দেৱ ৰয়ক টেন এ পি বি এন ৰ কামাণ্ডেণ্ট ৰূপে বদলি, নুনমাটিৰ ACP জিকিৰাণী মহন্তক মান্দাকাটাৰ বেটেলিয়নলৈ বদলি, পাণবজাৰৰ ACP লৱ কুমাৰ ডেকাক ফৰ এ পি বি এন লৈ বদলি, মহিলা আৰক্ষী থানাৰ ACP অৰুণিমা ভূঞাক 4APBnলৈ বদলি,বঙাইগাঁৱৰ DSP মৈত্ৰেয়ী ডেকাক পাণবজাৰৰ ACP ৰূপে বদলি, নিলোৎপল ডেকাক নুনমাটিৰ ACPৰ দায়িত্ব, জ্যোতিপ্ৰসাদ পেগু হ’ব জালুকবাৰীৰ নতুন ACP,
ৰ’জী তালুকদাৰক পাণবজাৰ মহিলা থানাৰ ACPৰ দায়িত্ব,
BIEOৰ DSP অমৃতৰাজ চৌধুৰীক বঙাইগাঁৱলৈ বদলি,
পাণবজাৰ থানাৰ OC হেমেন দাসক উত্তৰ শালমাৰালৈ বদলি কৰা হৈছে।”