নেপাত অসম আৰক্ষীৰ প্ৰশিক্ষণপ্ৰাপ্ত উপ পৰিদৰ্শকৰ সৈতে আৰক্ষী সঞ্চালকৰ মত – বিনিময়

88


মেঘালয়ৰ শ্বিলঙৰ কাষৰীয়া বৰাপানীস্থিত ‘ নৰ্থ ইষ্ট পুলিচ একাডেমী’ চমুকৈ ‘নেপা’ত মঙ্গলবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই প্ৰশিক্ষণৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক সকলৰ সৈতে মত – বিনিময় কৰে। নেপাৰ সঞ্চালক দীপক কুমাৰৰ আদৰনি ভাষণৰে প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাস্কৰজ্যোতি মহন্তই ১৩-ছেপ্টেম্বৰৰ পৰা চলি থকা দুমহিয়া প্ৰশিক্ষণ কাৰ্য্যৰ বুজ লয় আৰু প্ৰশিক্ষণৰ অন্তত কৰ্তব্যৰ সময়ত সমাজৰ বৰবিহ স্বৰূপ দ্ৰুগছ , যুৱ প্ৰজন্মক ধ্বংস কৰা নিচাজাতীয় সামগ্ৰী সমূহৰ বিৰুদ্ধে যাতে তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনায়। ইয়াৰ উপৰি নেপাৰ সঞ্চালক দীপক কুমাৰৰ ভিক্ষা প্ৰশংসা কৰি আৰু তেওঁৰ লগতে বিষয়া – কৰ্মচাৰী সকলৰ সমূহীয়া প্ৰচেষ্টাত নেপা এখন বিশ্বমানৰ আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান হব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত অসম আৰক্ষীৰ সশস্ত্ৰ আৰু প্ৰশিক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণুয় উপস্থিত থাকে। ইয়াৰ উপৰি ভাস্কৰজ্যোতি মহন্তই নেপা চৌহদত ‘উনাকটি মেছ’ নামৰ এটা অতিথিশালা উদ্বোধন কৰে । আৰম্ভণিতে আৰক্ষী সঞ্চালক প্ৰধানক প্ৰশিক্ষণৰত উপ পৰিদৰ্শক সকলে মার্চপাৰ্ট আৰু পেৰেডৰে অভিবাদন জ্ঞাপন কৰে । উল্লেখযোগ্য যে অসম আৰক্ষীত উপ পৰিদৰ্শকলৈ পদোন্নতি লাভ কৰা ২৭৩ জন সহকাৰী উপ পৰিদৰ্শক আৰু হাবিলদাৰে ১৩ ছেপ্টেম্বৰৰ পৰা দুমহীয়া বিভাগীয় প্ৰশিক্ষণ গ্ৰহন কৰি আছে । ইফালে গুৱাহাটীৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত তথা অসম – মেঘালয় কেডাৰৰ আই পি এছ বিষয়া দীপক কুমাৰক কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে যোৱা জুলাই মাহত ডেপুটেছনত নেপা ৰ সঞ্চালক হিচাপে নিযুক্তি দিছে ।