নেচনেল পিপলছ পাৰ্টিৰ অসম প্ৰদেশ কমিটিৰ ভিডিও কনফাৰেন্স সম্পন্ন

102

ষ্টাফৰিপৰ্টাৰ, নেচনেল পিপলছ পাৰ্টিৰ অসম প্ৰদেশ কমিটিৰ ভিডিও কনফাৰেন্সখন বুধবাৰে অনুষ্ঠিত হয়। এই ভিডিও কনফাৰেন্সখনত এন পি পিৰ সভাপতি, অৱসৰপ্ৰাপ্ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া দিলীপ কুমাৰ বৰা, উপ-সভাপতি তথা অৱসৰ প্রাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া মিল্টন কুইয়া, সাধাৰণ সম্পাদক আবুল হুছেইন আৰু সাংগঠনিক বিষয়া অমৃত কুমাৰ খাটনিয়াৰে অংশ লোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ সভাপতি, অন্যান্য বিষয়ববীয়াৰ লগতে বিভিন্ন কাৰ্যকতাই অংশগ্ৰহণ কৰে। এই কনফাৰেন্সখনত আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লগতে নতুনকৈ মুখপাত্ৰ, নিৰ্বাচনী কমিটি আদি গঠন কৰা হয়।মুখপাত্ৰ হিচাপে এম জি হাজৰিকা, আবুল হুছেইন, লিয়াকত আলী চৌধুৰী, হেমন্ত কুমাৰ শৰ্মা, জ্যোতি বৰা, অৰবিন কুমাৰ বৰুৱা,
অসীম বৰা, নীহাৰ ৰঞ্জন গগৈ, নামৱাৰ আলী লস্কৰকলৈ গঠন কৰা হয়। আনহাতে নৱগঠিত নিৰ্বাচনী গোটে সকলো প্ৰয়োজনীয় নিৰ্বাচন কেন্দ্ৰীক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সকলো সময়তে এন পি পি, অসম ৰাজ্যিক গোটক আগন্তক বিধান সভা নিৰ্বাচনৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াই যাব।