সোমবাৰে পুৱতি নিশা গোলাঘাট জিলাৰ নুমলীগড়ৰ কানাইঘাটত বনৰীয়া হাতীৰ আক্ৰমণত দুজন কৃষকৰ মৃত্যু ঘটে।
জানিব পৰা মতে, ৬ জন কৃষকে এখন খেতিপথাৰত অৱস্থিত জুপুৰিত নিশা শুই থকা সময়তে বন্য হস্তীয়ে আক্ৰমণ কৰে।
হাতীৰ আক্ৰমণৰ পিছত ৪ জনে পলাই যাবলৈ সক্ষম হয় যদিও বাকী দুজনৰ কৰুণ মৃত্যু ঘটে।
মৃতসকলক হুজুৰ আকবৰ আলী আৰু মহম্মদ ইছলামুদ্দিন বুলি চিনাক্ত কৰা হৈছে।
