নুমলীগড়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বন্য হস্তীৰ জাকে সন্ত্ৰাস চলাই আহিছে। শেহতীয়াকৈ নুমলীগড়ৰ কাষৰীয়া বকিয়াল ২নং বুঢ়াগোহাঁই খাটত বন্যহস্তীৰ আক্ৰমণত পিতা-পুত্ৰৰ মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, নিশা বকিয়াল ২নং বুঢ়াগোহাঁই খাটত বন্যহস্তীৰ জাকে প্ৰৱেশ কৰি সন্ত্ৰাস চলাই। হাতীৰ জাকটোৱে বিকাশ বৈষ্ণৱ নামৰ ব্যক্তিজনৰ ঘৰটো ভাঙি পেলোৱাৰ লগতে হাতীৰ আক্ৰমণত বিকাশ বৈষ্ণৱ আৰু তেওঁৰ ২ বছৰীয়া সন্তান জ্ঞানদ্বীপ বৈষ্ণৱৰ মৃত্যু ঘটে। কণমানি জ্ঞানদীপ বৈষ্ণৱ হাতীৰ আক্ৰমণত থিতাতে নিহত হোৱাৰ বিপৰীতে পিতৃ বিকাশ বৈষ্ণৱৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।
ইফালে বাৰম্বাৰ খবৰ দিয়াৰ পিছতো কাষতে থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উঠিছে। দীৰ্ঘদিন ধৰি সমগ্ৰ অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ মুক্ত বিচৰণ। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।
