নুমলীগড় শোধনাগাৰত উচ্চ পদস্থ বিষয়াৰ দ্বাৰা মহিলা কণিষ্ঠ অভিযন্তাক নিৰ্যাতন

139

নুমলীগড় শোধনাগাৰৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে শোধনাগাৰটোৰে এগৰাকী মহিলা অভিযন্তাই উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে। NRLৰ ডেপুটি জেনেৰেল মেনেজাৰ পৰ্যায়ৰ বিষয়া নীহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে মহিলা কণিষ্ঠ অভিযন্তাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে বিষয়জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

মহিলা গৰাকীৰ অভিযোগ অনুসৰি যোৱা ১৯ জুলাইত নীহাৰ প্ৰসাদ শৰ্মা নামৰ লম্পট বিষয়জনে মহিলা গৰাকীক নিজৰ ঘৰলৈ মাতি নিয়ে। তাত নিশা সুৰাৰ পাৰ্টি কৰি মদৰ ৰাগীত যৌন নিৰ্যাতন চলায় মহিগৰাকীৰ ওপৰত।

ইফালে এই ঘটনাৰ এমাহ পিছত অৰ্থাৎ ১৯ আগষ্টত মহিলা কণিষ্ঠ অভিযন্তাগৰাকীয়ে উচ্চ পদস্থ বিষয়জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নীহাৰ প্ৰসাদ শৰ্মাক। ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে।