নুমলীগড়ৰ এটা বৃহৎ অঞ্চলত সৃষ্টি হৈছে ভয়াৱহ সমস্যাৰ

171

নুমলীগড়ৰ এটা বৃহৎ অঞ্চলত সৃষ্টি হৈছে ভয়াৱহ সমস্যাৰ । বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী ভয়তে আধা বাটৰ পৰাই উভতিব লগা পৰিৱেশৰ সৃষ্টি হৈছে । আজি কিছু দিন ধৰি আতংকৰ সৃষ্টি কৰিছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে । সমীপতে থকা বৃহৎ হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীৰ বাবে নুমলীগড়ৰ বগীঢলা অঞ্চলত পথেৰে যি কোনো সময়ত পাৰ হৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে। একাংশ লোকে মতপ্ৰকাশ কৰিছেযে কিছু আঘাতপ্ৰাপ্ত এই হাতীটোৱে যিকোনো মুহূৰ্ত্তত পথত প্ৰৱেশ কৰি মানুহক খেদি যায় । আজি বিদ্যালয়লৈ অহা বহু ছাত্ৰ ছাত্ৰী আধাবাটৰ পৰা উভতিব লগা হয় । কাৰণ বিদ্যালয়ৰ খেল পথাৰত বহু সময় হাতীটোৱে বিচৰন কৰি সমীপৰ চাহ বাগিচাত আশ্ৰয় লয় । কি কাৰণত হাতীটোৱে এনে আচৰন কৰিছে সেয়া ৰহস্যজনক । আনহাতে বন বিভাগৰ মতে হাতীটো ভাটিখোলা হাতী । যাৰ ফলত এনে লক্ষণ দেখা যায় । স্থানীয় ৰাইজে বন বিভাগক হাতীটো পিঞ্জৰাবদ্ধ কৰিবলৈ আহ্বান জনাইছে ।