নুমলীগড়ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ।

128

এক লোমহৰ্ষক হত্যাকাণ্ড ।নুমলীগড়ৰ মাধৱপূৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । ২৬ জানুৱাৰীৰ সন্ধিয়া ফলা খৰিৰে মৰিয়াই মৰিয়াই গুৰুত্বৰ ভাৱে আহত কৰিছিল চুৰজ ওৰাং নামৰ এজন লোকে চাজন কুজুৰ নামৰ লোক জনক। গুৰুত্বৰ ভাৱে আহত লোক জনক পৰিয়ালৰ লোকে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতাল লৈ উন্নত চিকিৎসাৰ বাবে লৈ যায় যদিও যোৱাকালি চাজন কুজুৰৱে মৃত্যুক আঁকোৱালি লয় । বৰ্তমান নুমলীগড় আৰক্ষীৰ জালত হত্যাকাৰী চুৰজ ওৰাং । ইফালে বৰ্তমান সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।