নীল, অভি, সনাতন, ঋতু পৰ্ণ পেগুৰ হত্যাকাৰীক দৃষ্টান্ত মূলক শাস্তিৰ দাবী ৰাষ্ট্ৰীয় জনতা দলৰ

83

ষ্টাফৰিপৰ্টাৰ, ১৪ জুন : ৰাষ্ট্ৰীয় জনতা দল, অসম ৰাজ্যিক সমিতিয়ে কাৰ্বি আংলঙত নীল-অভি, হাজোৰ সনাতন ডেকা, গুৱাহাটীৰ নুনমাটিত ঋতু
পৰ্ণ পেগুৰ হত্যাকাৰীক তীব্ৰ গৰিহণা দিয়াৰ লগতে
দৃষ্টান্ত মূলক শাস্তি দিয়াৰ দাবী জনাইছে। সমিতিৰ ৰাজ্যিক সভাপতি, অভিযন্তা সোণাৰুল শ্বাহ মুস্তাফাই কয় “ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হত্যাকাৰীক অনতিপলমে শাস্তি দিব নোৱাৰাৰ বাবেই অপৰাধী, হত্যাকাৰী সকলৰ সাহস বাঢ়ি গৈছে। সেয়েহে হত্যাকাৰী সকলে যাতে দৃষ্টান্তমূলক শাস্তি দিয়া হয় তাৰ বাবে দাবী জনালোঁ।”