নীতিশ কুমাৰৰ লগ লাগি বিহাৰত ১২খন নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশ ল’ব প্ৰধানমন্ত্ৰী মোডী

87

ডিজিটেল ডেস্কঃ কোৰোনা স্থিতিৰ মাজতে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিয়ে ৰাজনৈতিক দলসমূহে। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈছে দলসমূহ। বিহাৰত পুনৰ এনডিএ মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ দাবীৰে ইতিমধ্যে বিজেপিয়ে ৰণডংকা বজাইছে। জানিব পৰা মতে, এনডিএ মিত্ৰজোঁটৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰত ১২ খন নিৰ্বাচনী ৰেলী সম্বোধন কৰিব।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ২৩ অক্টোবৰত ছাছাৰামত নিৰ্বাচনী ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি ঘটাব বুলি জানিব পৰা গৈছে। একে দিনাই মোডীয়ে গয়া আৰু ভগলপুৰতো দুখনকৈ নিৰ্বাচনী ৰেলীত অংশ ল’ব। আনহাতে জানিব পৰা মতে, মোডীৰ আটাইকেইখন নিৰ্বাচনী প্ৰচাৰ সভাতে উপস্থিত থাকিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।