তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শহুৰেকৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী গৰ্ভৱতী মহিলাই।
শহুৰেকৰ শাৰীৰিক অত্যাচাৰত আঘাতপ্ৰাপ্ত হৈ থকা মহিলাগৰাকীয়ে শুকুৰবাৰে মৃত্যুক সাৱটে অসম চিকিৎসা মহাবিদ্যালয়ত।
উল্লেখ্য যে যোৱা ৪ জুনত সংগীতা শ্বাহ নামৰ মহিলাগৰাকীক পাৰিবাৰিক বিবাদৰ বাবে শহুৰেকে নৃশংসভাৱে নিৰ্যাতন চলাইছিল। ৬ মাহৰ গৰ্ভৱতী মহিলাগৰাকীক আঘাতপ্ৰাপ্ত অৱস্থাত হাস্পতাললৈ নিয়া হয় যদিও গৰ্ভৰ সন্তানটিৰ প্ৰথমে মৃত্যু ঘটে।
অভিযুক্ত শহুৰেকজনক হৰিন্দৰ প্ৰসাদ বুলি জানিব পৰা গৈছে।
ততাতৈয়াকৈ সংগীতাক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত তেওঁক এ এম চি এইচলৈ বদলি কৰিবলৈ পৰামৰ্শ দিয়া হয়।
ইফালে অভিযুক্ত শহুৰেকে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি জেললৈ প্ৰেৰণ কৰে।
নিজৰ পক্ষৰ পক্ষত হৰিন্দৰে সাংবাদিকৰ আগত কয়, ‘মোৰ ঘৰত চিচিটিভি কেমেৰা লগোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছত মোৰ বোৱাৰীয়ে মোৰ বাবে সমস্যাৰ সৃষ্টি কৰি আহিছিল। কেইবাদিনো তেওঁলোকে মোক কেমেৰা ইনষ্টল কৰাত বাধা দিছিল আৰু মোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল।”
