নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত গণধৰ্ষণ যুৱতীক, এজনক গ্ৰেপ্তাৰ

309

১১ বছৰ পূৰ্বে সংঘটিত নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ঘটিল যেন পুনৰ এবাৰ। দিল্লীত সংঘটিত নিৰ্ভয়া গণধৰ্ষণ কাণ্ডৰ দৰেই এইবাৰো চলন্ত বাছৰ ভিতৰত গণধৰ্ষণ চলোৱা হ’ল এগৰাকী যুৱতীক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৯ ডিচেম্বৰৰ নিশা উত্তৰ প্ৰদেশৰ পৰা জয়পুৰ অভিমুখে ৰাওনা হৈছিল বাছখন। সেই বাছখনত কানপুৰৰ পৰা জয়পুৰলৈ গৈ আছিল এগৰাকী ২০ বছৰীয়া দলিত যুৱতী। গভীৰ নিশা চলন্ত বাছখনৰ চালকসকলে আন যাত্ৰীসকল শুই থকা অৱস্থাত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত আৰিফ আৰু ললিতে কেবিনৰ ভিতৰতে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। ভুক্তভোগীৰ চিঞৰ-বাখৰত যাত্ৰীসকল সাৰ পাই উঠিল। লগে লগে কেবিনলৈ লৰালৰিকৈ গৈ আৰিফক কৰায়ত্ব কৰে। অৱশ্যে এই ঘটনাৰ পিছত পলায়ন কৰিবলৈ সক্ষম হয় ললিতে।

কানোটা আৰক্ষী থানাৰ অধীক্ষক ভগৱান সহায় মীনাই জনোৱা মতে, আৰিফক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু এতিয়াও পলাতক হৈ আছে ললিত। তেওঁৰ সন্ধান চলি আছে। কিন্তু এনেধৰণৰ ঘটনা পোহৰলৈ অহাৰ পাছত আকৌ এবাৰ উত্থাপিত হৈছে মহিলাৰ সুৰক্ষাৰ প্ৰশ্ন। নিৰ্ভয়া গোচৰৰ ইমান বছৰ পিছতো নিশা ভ্ৰমণৰ সময়ত মহিলাসকল সুৰক্ষিত নহয়, যোগীৰাজ্যৰ এই ঘটনাই যেন পুনৰ এবাৰ তাকেই প্ৰমাণ কৰিছে।